৮ দিন পিছত ব্ৰহ্মপুত্ৰত উদ্ধাৰ গঁড় চিকাৰী আছমত আলীৰ মৃতদেহ
February 26, 2022নিউজ ডেস্ক। গঁড় চিকাৰী উত্তম খাখলালীৰ দৰেই মৃত্যু ঘটিল আন এজন পলাতক গঁড় চিকাৰীৰ।
যােৱা ১৭ ফেব্ৰুৱাৰীৰ নিশা আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাঁপ দি পলায়ন কৰা চােৰাং চিকাৰী আছমত আলী ওৰফে নালকােৰ মৃতদেহ উদ্ধাৰ।
জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া বিশ্বনাথ ঘাটৰ পশ্চিম-দক্ষিণ দিশৰ কাজিৰঙাৰ দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ হয় নালকােৰ মৃতদেহ।
মৃতদেহ উদ্ধাৰৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় বিশ্বনাথৰ উপ-আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ দল এটা।
উল্লেখযোগ্য যে কেৰালাৰ পৰা গ্রেপ্তাৰ কৰি অসমলৈ অনা হৈছিল নালকােক।
লুকুৱাই ৰখা অস্ত্র-শস্ত্ৰ আৰু গঁড়ৰ খৰ্গৰ সম্ভেদ দিবলৈ বিশ্বনাথঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ কেটেংটাপুলৈ নিয়াৰ সময়ত আন্ধাৰৰ সুযোগ লৈ সেই নিশা হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰৰ বুকুত জঁপিয়াই পলায়ন কৰিছিল নালকােৱে।
তেতিয়াৰে পৰা গঁড় চিকাৰীজনৰ সন্ধানত আৰক্ষী, এন ডি আৰ এফৰ অভিযান অব্যাহত আছিল যদিও কোনো শুংসূত্ৰ পোৱা নাছিল।
অৱশেষত শুকুৰবাৰে সন্ধিয়া পলাতক গঁড় চিকাৰী আছমত আলী ওৰফে নালকােৰ মৃতদেহ উদ্ধাৰ হয়।