৮ ফেব্ৰুৱাৰীত ৰাজ্যৰ মহিলাসকলে লাভ কৰিব ৫০ হাজাৰকৈ টকা! কোনে কোনে পাব ধন?

January 27, 2021 0 By Biraj Kalita

সমাগত ২০২১ৰ বৰ্ষৰ বিধানসভা নিৰ্বাচন।

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত সিখন আঁচনি।

৮ ফেব্ৰুৱাৰীত মহিলাসকললৈ আগবঢ়োৱা হ’ব ৫০ হাজাৰকৈ টকা।

কেইদিনমান পূৰ্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে ৰাজ্যৰ মহিলাসকললৈ আৰ্থিক অনুদান আগবঢ়াবলৈ।

কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহলৈ আগবঢ়োৱা হ’ব এই ধনৰাশি।

প্ৰতিটো আত্মসহায়ক গোটলৈ আগবঢ়োৱা হ’ব এই ধন।

ৰাজ্যৰ ১লাখ মহিলা আত্মসহায়ক গোটে লাভ কৰিব এই ধন।

শিৱসাগৰত বুধবাৰে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহত্‍ঘোষণা কৰে।