পুনৰ ৰাইজৰ ৰোষত পৰিল ‘মিঠাতেল চােৰ’!

November 21, 2021 0 By NEWS DESK

হােজাইত বৃদ্ধি পাইছে মিঠাতেল চুৰিৰ ঘটনা

নিউজ ডেস্ক। হোজাইত পুনৰ মিঠাতেল চােৰৰ বিলৈ।

দেৱাসীষ দে’ৰ পিছত এইবাৰ মিঠাতেল চুৰি কৰি ৰাইজৰ ৰোষত পৰিল ৰাজু দাস।

এইবাৰ মিঠাতেল চােৰ ৰাজু দাসক ৰাইজৰ চৰ-ঘোচা। মিঠাতেল চােৰ ৰাজু দাসক উত্তম-মাধ্যম সোধাই গতালে হোজাই আৰক্ষীক।

ৰাজু দাসে মিঠাতেল চুৰি কৰি অন্য এখন দোকানত বিক্ৰী কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰে।

দীৰ্ঘদিনৰ পৰাই ৰাজু দাস নামৰ গভাইত চুৰটোৱে মিঠাতেল চুৰি কৰি আহিছিল বুলি ৰাইজৰ অভিযোগ।

সাত কাৰ্টন মিঠাতেল চুৰি কৰি বিক্ৰী কৰিবলৈ আহি অবশেষত হোজাই আৰক্ষীৰ জালত পৰিল ৰাজু দাস।

দেওবাৰে পুৱা উদয়পুৰ গোশালা বস্তিত ৰাইজে আটক কৰে মিঠাতেল চােৰ ৰাজু দাসক।

ধৃত চােৰটোৱে বিক্ৰী কৰিবলৈ অনা সাত কাৰ্টন মিঠাতেল জব্দ কৰিছে ৰাইজে।

ইতিমধ্যে, ধৃত চােৰটোক ৰাইজে উত্তম-মাধ্যম গতাই দিছে হোজাই আৰক্ষীক।

উল্লেখ্য যে কিছুদিন পূৰ্বে হোজাই আৰক্ষীয়ে চুৰি মিঠাতেল কিনাৰ অপৰাধত দেৱাসীষ দে নামৰ এজন দোকানীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল