ৰক্ষকেই ভক্ষকঃ কাজিৰঙাত গঁড়ৰ খড়্গসহ দুই বনকর্মী গ্রেপ্তাৰ…
July 4, 2021কাজিৰঙাত ৰক্ষকেই ভক্ষকৰ ৰূপত বনকৰ্মী।
শনিবাৰে এগৰাকী বনকর্মী আৰু এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান গঁডৰ খড়গৰ টুকুৰাসহ গ্রেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে বনাঞ্চলখনৰ ভৈচামাৰী বন শিবিৰৰ দায়িত্বত থকা ছনিয়া ওৰাং আৰু গৃহৰক্ষী বাহিনীৰ জোৱান দ্বীপেন কুমাৰ নাথে ৰাষ্ট্রীয় উদ্যানখনত পৰি থকা এটুকুৰা গঁড়ৰ খড়গৰ বিভাগীয় কার্যালয়ত জমা নিদি লুকুৱাই ৰাখিছিল৷
উদ্যানখনৰ কর্তৃপক্ষই শনিবাৰে অভিযান চলাই খড়্গটো তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
বন বিভাগে গ্রেপ্তাৰ কৰা ছনিয়া ওৰাঙৰ ঘৰ বাগৰিত আৰু দ্বীপেন কুমাৰ নাথৰ ঘৰ নগাঁৱৰ জাজৰিত বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে বিগত বর্ষত এই দুজন কর্মচাৰীয়ে চাৰিটাকৈ গঁড়ৰ খড়গ উদ্ধাৰ কৰি উদ্যানখনৰ কর্তৃপক্ষক জমা দিছিল যদিও এইবাৰ তেওঁলোকে উদ্ধাৰ কৰা গঁড়ৰ খড়গৰ টুকুৰাটো কর্তৃপক্ষক জমা নিদি বিক্রী কৰাৰ পৰিকল্পনাৰে লুকুৱাই ৰাখিছিল৷
ঘটনা সন্দর্ভত বন বিভাগে দুয়োকে জেৰা অব্যাহত ৰখাৰ লগতে তদন্ত চলাই আছে৷
আৰক্ষীৰ তদন্তত গঁডৰ খড়গৰ চোৰাং ব্যৱসায় সন্দর্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷