ৰহস্যজনকভাৱে সন্ধানহীন আৰক্ষী জোৱান

October 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নগাঁও জিলাৰ চামগুৰি পুৰণিগুদামৰ মৌৰাচুকৰ পৰা নিৰুদ্দেশ এজন আৰক্ষী কনিষ্টবল।

পুৰণিগুদামৰ মৌৰাচুক গাঁৱৰ ত্ৰৈলোক্য গায়ন নামৰ এজন আৰক্ষী কনিষ্ঠবল ৰহজ্যজনকভাৱে মাহৰ পিছত মাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লামডিং স্থিত ছেকেণ্ড এপিটিএফ আৰক্ষী কনিষ্ঠবল হিচাপে নিয়োজিত হৈ আছিল ত্ৰৈলোক্য গায়ন নামৰ আৰক্ষী কনিষ্টবলজন।

উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে লামডিং আৰক্ষী চকীৰ লগতে হোজাই জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো এজাহাৰ দাখিল কৰিছে।

কোনো সদাশয় লোকে আৰক্ষী কনিষ্ঠবলজনক দেখা পালে ৬০০৩১-৯৫১৪৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।