ৰহস্যজনকভাৱে সন্ধানহীন কণমানি আয়ুস্মানৰ মৃতদেহ উদ্ধাৰ

September 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অৱশেষত ৩৬ ঘণ্টাৰ পিছত উদ্ধাৰ হ’ল কণমানি আয়ুস্মান দুৱৰাৰ মৃতদেহ।

বৃহস্পতিবাৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা ডিব্ৰুড় চিৰাং চাপৰিৰ সিদ্ধাৰ্থ দুৱৰাৰ পুত্ৰ আয়ুস্মান দুৱৰাৰ মৃতদেহ খোৱাং কলৌলোৱাৰ বুঢ়ীদিহিং নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শনিবাৰে পুৱা স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতে খোৱাং আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

আনহাতে এই ঘটনাক সহজভাৱে লোৱা নাই পৰিয়ালৰ লোকে। বৃহস্পতিবাৰে সন্ধিয়া পৰিয়ালৰ লোকে আয়ুষ্মানৰ চেণ্ডেল আৰু চাইকেলখন উদ্ধাৰ কৰিছিল।

ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই কয় যে, ল’ৰাজনে মানসিক অশান্তিত ভুগি ঘৰৰ পৰা ওলাই গৈ আত্মহত্যা কৰা যেন ধাৰণা হৈছে।

অৱশ্যে এই সন্দৰ্ভত বিস্তৃতভাৱে অনুসন্ধান কৰা হ’ব। ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। ডিব্ৰুগড়ৰ চৌকিডিঙিৰ পৰা অকলেই চাইকেল লৈ যোৱাৰ কথা প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক জনাইছিল।

মাছমৰীয়া লোকেও খামটিঘাটলৈ অকলেই চাইকেল চলাই যোৱা দেখিছে।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১.৫৩ বজাত নিজৰ চাইকেলখন লৈ খামটিঘাটলৈ গৈছিল আয়ুষ্মান দুৱৰা।

লগতে চাওকঃ সাপ্তাহিক ৰাশিফল