ৰহস্যজনকভাৱে সন্ধানহীন গুৱাহাটীৰ অভিজাত ব্যৱসায় প্ৰতিষ্ঠান ছোহম শ্বপ’ৰ স্বত্তাধিকাৰী…
June 23, 2021গুৱাহাটীৰ অভিজাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সন্ধানহীন।
মঙলবাৰে সন্ধিয়াৰ পৰা সন্ধান নাই গুৱাহাটীৰ অভিজাত ব্যৱসায় প্ৰতিষ্ঠান ছোহম শ্বপ’ৰ স্বত্তাধিকাৰী সন্দীপ জালানৰ।
সান্ধ্য-ভ্ৰমণলৈ ওলাই যোৱা সন্দীপৰ নাই কোনো শুংসূত্ৰ।
দীপক সোণাৰ নামৰ এজন গাড়ী চালকে পল্টন বজাৰৰ গ’ল্ড চিনেমাৰ সমীপত গাড়ীৰে নমাই থৈ আহিছিল সন্দীপক।
ইতিমধ্যে দীপক সোণাৰক সোধা-পোছাৰ বাবে আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।
সন্দীপৰ হাতত আছিল এটা চ্যুটকেছ। পাৰিবাৰিক সংঘাতৰ বাবে সন্দীপ জালান সন্ধানহীন হোৱাৰ সন্দেহ কৰা হৈছে।
যদি কোনোবাই তেওঁক লক্ষ্য কৰে তেন্তে স্থানীয় আৰক্ষীক জনাবলৈ অনুৰোধ পৰিয়ালবৰ্গৰ।
ব্যৱসায়ীগৰাকীক অপহৰণ কৰাৰো আশংকা ব্যক্ত কৰা হৈছে।