ৰহস্যজনক! অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিলে এখন প্ৰাথমিক বিদ্যালয়…

June 2, 2021 0 By Biraj Kalita

বিলাসীপাৰাত সংঘটিত হৈছে এক অবাঞ্চিত ঘটনা৷

মঙলবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে অগ্নি সংযোগ কৰিলে এখন প্ৰাথমিক বিদ্যালয়ত৷

বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১৪৪৬ নং পশ্চিম উদমাৰী প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে।

অবশ্যে জুই প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷

যাৰ ফলত বিদ্যালয়খনৰ অন্য শ্ৰেণী কোঠাবোৰ জুইত জাহ যোৱাৰ পৰা কথমপি ৰক্ষা পৰে৷

দুৰ্বৃত্তৰ দলটোৱে বিদ্যালয়ৰ অন্যান্য আচবাবৰ লগতে প্ৰয়োজনীয় পত্ৰ পেলাই লণ্ড-ভণ্ড কৰে৷

আনহাতে ঘটনাতো সংঘটিত হোৱাৰ পাচতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক উপস্থিত হৈ লক্ষীগঞ্জ আৰক্ষীক অৱগত কৰে৷

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।