ৰহস্যজনক! কুঁৱাত পৰি মৃত্যু ব্যৱসায়ীৰ
October 15, 2021নিউজ ডেস্ক। কামৰূপ জিলাৰ হাজোৰ মালীটোলাত কুঁৱাত পৰি দীনেশ মালাকৰ নামৰ এজন ব্যৱসায়ীৰ মৃত্যু।
মাধৱ মন্দিৰ পথলৈ যোৱা মালীটোলাত সংঘটিত হৈছে এই অঘটন।
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত পুৱাৰ পৰা উদ্ধাৰ অভিযান চলাই মৃতদেহটো কুঁৱাৰ পৰা উলিওৱা হয়।
পৰিয়ালৰ লোকে জনোৱা মতে, মৃত ব্যৱসায়ীজন দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল।
দীনেশ মালাকৰৰ মৃত্যু আত্মহত্যা নে দুৰ্ঘটনা, সেয়া তদন্তৰ পাছতহে পােহৰলৈ আহিব।