ৰহস্যজনক! খেতিপথাৰত শ শ কপৌ চৰাইৰ অস্বাভাৱিক মৃত্যু
September 27, 2021নিউজ ডেস্ক। ৰাজ্যত পুখুৰীত বিহ দি মাছ নিধন কৰাটাে কােনাে নতুন কথা নহয় যদিও এইবাৰ খেতিপথাৰত ব্যৱহাৰ কৰা বিষাক্ত ৰাসায়নিক দ্ৰব্যৰ বাবে শ শ কপৌ চৰাইৰ মৃত্যুৰ ঘটনাই প্ৰকৃতিপ্ৰেমী সকলক উদ্বিগ্ন কৰি তুলিছে।
প্ৰায় দুমাহ পূৰ্বে বৰপেটাৰ সদৰ থানাৰ অন্তৰ্গত শিলাত পথাৰত বিষাক্ত ৰাসায়নিক দ্ৰব্য ছটিয়াই দিয়াৰ ফলতে কেইবাশ বনৰীয়া চৰাই মৃত্যুমুখত পৰা ঘটনাৰ পিছত অনুৰূপ ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ গহিয়া গাঁৱত।
জানিব পৰা মতে, গাঁওখনৰ দক্ষিণ দিশৰ পথাৰত নিতৌ শ শ কপৌ চৰাই মৃত্যুমুখত পৰিছে।
স্থানীয় লােকে জনােৱা অনুসৰি, বুৰিখামাৰ গাঁৱৰ নিকটৱৰ্তী পথাৰখনত প্ৰতিদিনে শ শ কপৌ চৰাই চৰিবলৈ আহে। কিন্তু দেওবাৰৰ পৰা চৰিবলৈ অহা বহুসংখ্যক কপৌ চৰাইৰ আকস্মিকভাৱে পথাৰখনতে মৃত্যু ঘটে।
আজিও পথাৰখনত চৰিবলৈ অহা কেইবাশ কপৌ চৰাইৰ থিতাতে মৃত্যু হয়।
এই ঘটনাই গাওঁবাসীক স্বাভাৱিকতে উদ্বিগ্ন কৰি তুলিছে।
স্থানীয় লােকে সন্দেহ কৰা অনুসৰি, পথাৰখনত বিষাক্ত ৰাসায়নিক দ্ৰব্য ছটিয়াই দিয়াৰ ফলতে এনেদৰে কপৌ চৰাইবোৰৰ মৃত্যু ঘটিছে।
এই ঘটনা সন্দৰ্ভত উচিত তদন্তৰ ব্যৱস্থা কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে বন্যপ্ৰেমী লোক তথা গহিয়া গাঁৱৰ ৰাইজে।