ৰহস্যজনক! পথাৰৰ মাজত পুখুৰীত উদ্ধাৰ দুই বন্ধুৰ মৃতদেহ…
June 11, 2021ছিপাঝাৰৰ পাতিদৰঙৰ সংঘটিত হৈছে এক অঘটন৷
ছিপাঝাৰৰ পাতিদৰঙৰ পথাৰৰ এটা পুখুৰীত উদ্ধাৰ হৈছে দুটা মৃতদেহ৷
উদ্ধাৰ হোৱা মৃতদেহ দুটা দ্বীপজ্যোতি শৰ্মা (৩২) আৰু দীজু ৰাজবংশী (৩৬)ৰ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে, বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছিল দুই যুৱক।
শুকুৰবাৰে পথাৰলৈ হাল বাবলৈ যোৱা অৱস্থাত এজন লোকে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা।
পৰৱৰ্তী সময়ত ৰাইজে খবৰ দিয়া হয় আৰক্ষীক৷
ঘটনাস্থলীত পাথৰিঘাট আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মঙলদৈলৈ প্ৰেৰণ কৰে।
জানিব পৰা মতে, মৃত দ্বীপজ্যোতি শৰ্মা আৰু দীজু ৰাজবংশী দুয়ো বন্ধু আছিল৷
দুই বন্ধুৰ মৃতদেহক লৈ ৰাইজৰ মাজত ৰহস্য ঘনীভূত হৈছে।