ৰহস্যজনক! স্বামী পৰিয়ালে বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ…
June 28, 2021এক ৰহস্যজনক ঘটনা!
স্বামী পৰিয়ালে বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ।
জুৰীয়াৰ কলাডুবাত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যা কাণ্ড।
দুবছৰ পূৰ্বে ধুৱলামাৰি চৰৰ ৰৈছউদ্দিনৰ জীয়ৰি মামনি খাতুন কলাডুৱা গাৱৰ ৰফিকুল ইছলামৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল।
বিয়াৰ পিছৰে পৰা স্বামী পৰিয়ালে মামনি নামৰ বোৱাৰী গৰাকীক বিভিন্ন ধৰনৰ মানসিক আৰু শাৰিৰীক অত্যাচাৰ কৰাৰ অভিযোগ তুলিছে মামনিৰ পৰিয়ালে।
সোমবাৰে দিনৰ ১২ বজাত মামনি খাতুন নামৰ বোৱাৰী গৰাকীৰ মৃতদেহ নিজ ঘৰৰ ভিতৰত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।
এই ঘটনাক আত্মহত্যা বুলি স্বামীৰ পৰিয়ালে জনাইছে যদিও ঘটনাটোক পৰিকল্পিত হত্যাকাণ্ড বুলি মামনিৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে সুতিৰপাৰ আৰক্ষী চকীত স্বামী পৰিয়ালৰ বিৰুদ্ধে বোৱাৰীগৰাকীৰ পৰিয়ালে এখন এজাহাৰ দাখিল কৰিছে।
ঘটনাস্থলীত সুতিৰপাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজি লৈ মৰোনত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।