ৰহস্যজনক! ১০ মাৰ্চৰ পৰা সন্ধানহীন ২৬ বছৰীয়া চুনু গগৈ…

March 12, 2022 0 By Biraj Kalita

শদিয়া-চপাখোৱাৰ পশ্চিম লাচিত নগৰত চাঞ্চল্য।

১০ মাৰ্চৰ পৰা সন্ধানহীন চুনু গগৈ নামৰ এজন যুৱক।

চপাখোৱাৰ লাচিত নগৰৰ চুনু গগৈৰ বয়স প্ৰায় ২৬ বছৰ।

শদিয়া আৰক্ষী থানাৰ অন্তৰ্গত শদিয়া মহকুমাৰ চপাখোৱা পশ্চিম লাচিত নগৰত ঘৰ চুনু গগৈৰ।

পৰিয়ালৰ লোকৰপৰা জানিব পৰামতে চুনু গগৈয়ে যোৱা ১০ মাৰ্চ তাৰিখে পুৱা তিনিচুকীয়ালৈ ওলাই যোৱাৰ পথৰ পৰা সন্ধানহীন হৈ আছে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে শদিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

উক্ত নিৰুদ্দিষ্ট যুৱকজনৰ সন্ধান পালে ৬০০১৭-৬১৮৫৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।