ৰহাৰ পিছত এইবাৰ অসমৰ এইখন ঠাইত ঘোষণা কৰা হ’ল সপ্তাহজোৰা লকডাউন…

June 3, 2021 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

সংক্ৰমণৰ সামান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰহা টাউনত ঘোষণা কৰা হৈছিল ৪ দিনৰ লকডাউন।

ৰহাৰ পিছত এইবাৰ নগাঁৱৰ কঠিয়াতলীত লকডাউন ঘোষণা কৰিছে প্ৰশাসনে।

কাইলৈ পৰা কাৰ্যকৰী হোৱাকৈ এক সপ্তাহলৈ সকলো দোকান পোহাৰ বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ৷

শেহতীয়াকৈ জিলাখনৰ কঠিয়াতলী দৈনিক বজাৰে মাতি আনিছে অধিক বিপদ।

দৈনিক বজাৰত দেখা যায় অধিক মানুহৰ সমাগম। যাৰ বাবে কঠিয়াতলীত দিনক দিনে বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ

ইতিমধ্যে বুধবাৰে কঠিয়াতলীৰ পাঁচটা স্থানত কণ্টেইনমেন জ’ন ঘোষণা কৰিছে জিলা প্ৰশাসনে৷

এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনে এক সপ্তাহলৈ কঠিয়াতলী দৈনিক বজাৰৰ লগতে সকলো দোকান সম্পূৰ্ণ ৰূপে বন্ধ ঘোষণা কৰিছে।