ৰাইজে কৰায়ত্ত কৰিলে চাকৰিৰ দালাল, গতালে আৰক্ষীক

October 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ কঠােৰ ভূমিকাৰ মাজতে এইবাৰ ৰাইজৰ হাতত কৰায়ত্ত হ’ল এজন চাকৰিৰ দালাল।

বিশ্বনাথৰ গহপুৰৰ হাৱাজানত ৰাইজে আটক কৰিলে চাকৰি প্ৰদানৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক।

অভিযােগ অনুসৰি, বহু যুৱক-যুৱতীক চাকৰিৰ প্ৰলােভন দেখুৱাই বহু টকা সৰকাইছিল প্ৰাঞ্জল হাজৰিকাৰ নামৰ এই প্ৰৱঞ্চকটােৱে।

অৱশেষত ৰাইজৰ ৰোষত পৰিল প্ৰৱঞ্চক প্ৰাঞ্জল।

পিছত ৰাইজে আটক কৰা প্ৰাঞ্জল হাজৰিকা নামৰ প্ৰৱঞ্চকটােক আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত মাৰাথন জেৰা অব্যাহত ৰাখিছে ধৃত প্ৰৱঞ্চকটােক।