ৰাইজে নিৰ্মাণ কৰা ১৩০০ ফুট দৈৰ্ঘ্যৰ কাঠৰ দলঙৰ শুভ উদ্বোধন

November 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসমীয়াত এশাৰী কথা আছে- ৰাইজে নখ জােকৰিলে নৈ বয়।

এই কথাকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে কামৰূপ, গােৱালপাৰা তথা বৰপেটা জিলাৰ সীমাৱৰ্তী অঞ্চলৰ ৰাইজে।

উল্লেখ্য যে কামৰূপ জিলাৰ বকাে সমষ্টিৰ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী নৱাগত শিমলীতোলাত বজাৰ সংযোগী জল পথত পুনৰ ১৩০০ ফুট দৈৰ্ঘ্যৰ দলং সাজিছে স্থানীয় ৰাইজে।

ক্ৰমে নৱাগত শিমলীতোলা আৰু দক্ষিণ বৰপেটাৰ বাঘবৰ, চেঙা দুই সমষ্টিৰ কৃষিজীৱি ৰাইজৰ যাতায়াতৰ আহুকাল আঁতৰাবলৈ এই দীঘলীয়া দলং নিৰ্মাণ কৰা হৈছে।

পূৰ্বৰ ভুটভুটি নাওৰ পৰিৱৰ্তে নিৰ্মাণ কৰা দলঙখন স্থনীয় একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ফিটা কাটি আনুষ্ঠানভাৱে মুকলি কৰি দিয়া হয় ৰাইজৰ সুগম যাতায়াতৰ বাবে।

আনহাতে, শীঘ্ৰেই এই স্থানত জলজলীৰ ওপৰত পকী দলঙ এখন নিৰ্মাণ কৰিবলৈও চৰকাৰক আহ্বান জনায় ৰাইজে।

স্মৰ্তব্য যে কিছুদিনৰ পূৰ্বে কেইমিটাৰমান নিলগত মুকলি কৰা হৈছিল অনুৰূপ আন এখন দলং।

লগতে চাওকঃ

ভয়াৱহ পথ দুৰ্ঘটনাত দুই প্ৰতিভাৱান মডেলৰ শােকাৱহ মৃত্যু