ৰাজনীতি ত্যাগ কৰি অভিনয় জগতলৈ ঢাপলি শুকুৰ আলীৰ!

October 19, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কি ভাবিছিল কি হ’ল? এগৰাকী বহু চৰ্চিত যুৱ ৰাজনৈতিক নেতাই ত্যাগ কৰিলে ৰাজনীতি!

খোজ পেলালে অভিনয় জগতত। ৰাজনীতিত বিফল হৈ অভিনয় জগতত খোজ পেলোৱা কোন এইজন ৰাজনৈতিক নেতাজন?

এয়া আন কোনো নহয় আমাৰ সকলোৰে পৰিচিত শুকুৰ আলী।

শুকুৰে ৰাজনীতি ত্যাগ কৰিলে। খোজ পেলালে অভিনয় জগতত।

শুকুৰ আলীয়ে সমাজৰ বাবে কিবা এটা কৰাৰ হেঁপাহ বুকুত বান্ধি লৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল। ৰাইজে এইগৰাকীক সাংসদ হিচাপে নিৰ্বাচিত নকৰিলে।

শুকুৰ পিচে বহি থকা এলা-পেচা মানুহ নহয়, শুকুৰ এজন কৰ্মদক্ষ লোক।

বিফলতাই পিছ নেৰা শুকুৰে এইবাৰ গেংষ্টাৰৰ ৰূপত অভিনয় কৰিছে তাকো হিন্দী ভাষাত।

শুকুৰৰ এনে কায্যই সামাজিক মাধ্যমত খলকনি তুলিছে। ভিন্নজনে ভিন্ন মত প্ৰকাশ কৰিছে শুকুৰৰ অভিনয় চাই।