ৰাজপথত অঘটন! হঠাতে এইটো পেট্ৰল পাম্পৰ সমীপত দপদপকৈ জ্বলি উঠিল এখন ডাম্পাৰ…
March 10, 2022যোৰাবাটৰ ১০ মাইলত অঘটন।
১০ মাইলৰ NRL পেট্ৰল পাম্পৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে জ্বলি উঠিল এখন ডাম্পাৰ।
শ্বিলঙৰ পৰা গুৱাহাটী অভিমুখী বিজুতি ঘটা এমএল০৪ ৭৮৯৬ নম্বৰৰ ডাম্পাৰখনক কেৰেঙেৰে টানি আনি থকা অৱস্থাতে হঠাতে জুই লাগে।
লগে লগে অঞ্চলটোত সৃষ্টি হয় হুৱাদুৱা পৰিস্থিতিৰ।
কেৰেঙখনৰ চালকজনে ডাম্পাৰখনৰ আইনা ভাঙি জুই নিৰ্বাপণৰ চেষ্টা কৰাত কিছুপৰিমাণে আহত হয়।
পৰৱৰ্তী সময়ত যোৰাবাট যান-বাহন আৰক্ষীয়ে ৰাইজৰ সহযোগত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।