ৰাজপথত দাওদাওকৈ জ্বলিল ৰবৰ ভৰ্তি ট্ৰাক…

February 8, 2022 0 By NEWS DESK

নিউজ ডেস্ক। হঠাতে ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল এখন মালবাহী ট্ৰাক।

নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰি বৃহৎ অঞ্চল।

স্তব্ধ হৈ পৰিল যান-বাহনৰ চলাচল। অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰিল চালক-হেণ্ডিমেনৰ লগতে স্থানীয় লােক।

এই ঘটনাৰ স্থান গুৱাহাটী মহানগৰীৰ যোৰাবাট।

সােমবাৰে পুৱতি নিশা প্ৰায় চাৰি মান বজাত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড।

যােৰাবাটৰ দহ মাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলি ভস্মীভূত হ’ল এখন ১২ চকীয়া ৰবৰ ভর্তি ট্রাক।

এই অগ্নিকাণ্ডৰ বাবে প্ৰায় ৩ ঘণ্টা ধৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্র যানজঁটৰ সৃষ্টি হয়।

জানিব পৰা মতে, ট্ৰাকখনৰ নম্বৰ জেকে ০২ চি জি-৯৯৭৫ নম্বৰ।

এই ট্রাকখনে আগৰতলাৰ পৰা উত্তৰাখণ্ডৰ অভিমুখে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

যান্ত্ৰিক বিজুতিৰ ফলতেই জুইৰ সূত্রপাত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ লগে

ঘটনাৰ খবৰ লাভ কৰি অগ্নিনির্বাপক বাহিনীৰ চাৰিখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ যদিও তেতিয়ালৈকে ট্রাকখন জ্বলি ছাঁই হৈ যায়।