ৰাজপথত দিন ডকাইতি, চলন্ত বাহন ৰখাই ২৫ হাজাৰ টকাসহ সামগ্ৰী লৈ উধাও ডকাইতৰ দল…

July 20, 2021 0 By Biraj Kalita

ৰাজপথত দিন ডকাইতিৰ ঘটনা।

চলন্ত বাহন ৰখাই ২৫ হাজাৰ টকাসহ সামগ্ৰী লৈ উধাও ডকাইতৰ দল।

বঙাইগাঁৱৰ খগৰপুৰত সংঘটিত হৈছে এই ঘটনা।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বলেৰ পিক আপ ভেনৰ পৰা লুটি নিলে ধন।

সাত জনীয়া দুৰ্বৃত্তৰ দলে আগভেটি ধৰি সংঘটিত কৰিলে এই ডকাইতি কাণ্ড।

অভয়াপুৰীৰ পৰা ব্ৰয়লাৰ ক্ৰয় কৰাৰ বাবে  AS 19 AC 4227 নম্বৰৰ বলেৰো পিক আপখনত আহি থকা তিনি যুৱকক অইন এখন বাহনে আগভেটি লুটপাত চলায়৷

ডকাইতৰ দলটোৰ আক্ৰমণত বলেৰো পিক আপ ভানৰ চালক হেমন্ত বৰ্মন আহত হোৱাৰ লগতে ২৫ হেজাৰ টকাৰ লগতে চাৰিটা মোবাইল লুট কৰি নিয়ে৷

চালকসহ তিনিওজনে পলায়ন কৰাৰ পিছত ব’লেৰ পিক আপখন লৈ উধাও হয় দুৰ্বৃত্তৰ দলটো৷ 

অবশ্যে ব’লেৰ পিকআপখন ঘটনাস্থলীৰ পৰা কিছু নিলগত বৰখাতাত উদ্ধাৰ হৈছে৷