ৰাজপথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ পালচাৰ বাইক, চােৰে এৰি থৈ যােৱাৰ সন্দেহ

September 15, 2021 0 By Dighanta Kumar

নিউজ ডেস্ক। মহানগৰীৰ নুনমাটিত গৰাকীবিহীন দুচকীয়া বাহন উদ্ধাৰ।

নুনমাটি হাইস্কুলৰ সন্মুখত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় এখন ক’লা ৰঙৰ এ এছ ০১ ডি জে ৩৫৬৮ নম্বৰৰ এখন পালচাৰ বাইক।

স্থানীয় লোকে ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাইকখন জব্দ কৰে।

উল্লেখ্য যে মঙলবাৰে দিনৰ ভাগৰ পৰাই ৰাজপথত লক ভঙা অৱস্থাত পৰি আছিল পালচাৰ বাইকখন। বাইখন চুৰি কৰি পেলাই থৈ যোৱাৰ সন্ধেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।