ৰাজপথত সুৰাপান কৰি উদ্ভণ্ডালি কৰা পৰিবহন বিষয়া সঞ্জীৱ কৃষ্ণক নিলম্বন…

July 1, 2021 0 By Biraj Kalita

ৰাজপথত সুৰাপান কৰি উদ্ভণ্ডালি কৰা পৰিবহন বিষয়া সঞ্জীৱ কৃষ্ণক নিলম্বন।

দৰং জিলাৰ পৰিবহন বিষয়া আছিল সঞ্জীৱ কৃষ্ণ।

মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে দৰঙৰ জিলা পৰিবহন বিষয়া তথা ৰিজনেল ট্ৰেন্সপৰ্ট অথৰিটিৰ সচিব কুমাৰ সঞ্জীৱ কৃষ্ণক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দিয়ে।

বিষয়াগৰাকীক অসম সেৱা (অনুশাসন আৰু আপীল) নিয়ম, ১৯৬৪ ৰ নিয়ম ৬ (১) (এ)ৰ অধীনত নিলম্বিত কৰা হৈছে।

আনহাতে পৰিবহন বিভাগৰ আয়ুক্ত আদীল খানে বিষয়টো অনুসন্ধান কৰি ১৫ দিনৰ ভিতৰত ৰিপ’ৰ্ট দাখিল কৰাৰো নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে জিলা পৰিবহন বিষয়াগৰাকীয়ে কৰ্তব্যৰত অৱস্থাত সুৰা সেৱন কৰি ৰাজপথত যথেষ্ট উদ্ভণ্ডালি কৰা এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।