ৰাজপথত ৰখাই থােৱা ট্ৰাকত খুন্দিয়াই বিধ্বস্ত মাৰুতি ৮੦੦ বাহন

February 12, 2022 0 By NEWS DESK

নিউজ ডেস্ক। বিভিন্ন কাৰণৰ ব্যস্ত পথৰ দাঁতিত ৰখাই থােৱা যান-বাহনৰ বাবে সময়ে-সময়ে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

এইবাৰ গােৱালপাৰা জিলাৰ দুধনৈৰ আমজোঙ্গাত সংঘটিত হ’ল অনুৰূপ পথ দুৰ্ঘটনা।

জানিব পৰা মতে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থােৱা AS-01BC-2177 নম্বৰৰ মালবাহী ট্ৰাকত প্ৰচণ্ড জােৰে খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় AS-01S-8204 নম্বৰৰ তীব্ৰবেগী মাৰুতি ৮০০ বাহন।

এই ভয়ংকৰ দুৰ্ঘটনাত মাৰুতি গাড়ীখন বিধ্বস্ত হৈ পৰাৰ লগতে গুৰুতৰভাৱে আহত হয় চালকসহ দুজন লোক।

জানিব পৰামতে, গোৱালপাৰা অভিমুখী আছিল মাৰুতিখন।

আহত লোক দুজন ব্ৰজেন চাংমা আৰু কুৰচিদ মাৰাৰ বুলি জানিব পৰা গৈছে।

আহত দুয়োজন লােকক উন্নত চিকিৎসাৰ বাবে আৰক্ষীয়ে ততালিকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।