ৰাজেন গোহাঁইক কেবিনেট আৰু ড০ ননী গোপাল মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা…

July 22, 2021 0 By Biraj Kalita

বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।

কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেটত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ননীগোপাল মহন্তক ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব দিয়াৰ লগতে অধ্যাপক মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইকো নতুন দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে।

কেবিনেট বৈঠকে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত ‘Assam Food and Civil Supplies Corporation’ৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৰাজেন গোহাঁইক কেবিনেটৰ মৰ্যাদা প্ৰদান কৰা হৈছে।

বৈঠকত নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তক প্ৰদান কৰা হৈছে পূৰ্ণ কৰ্তৃত্ব।

একচনীয়া পট্টা থকা লোকসকলক পি এম কিষাণ যোজনাৰ বাবে যোগ্য হিচাপে বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ।

আনহাতে তৌজিবাহী খাজনা থকাসকলো অন্তৰ্ভুক্ত হ’ব এই আঁচনিত।

প্ৰতিখন জিলাত গঠন কৰা হ’ব জিলা তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।

প্ৰতিটো ব্লকত গঠন কৰা হ’ব ব্লক তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।