ৰাজ্যত অব্যাহত আছে বন ধ্বংস যজ্ঞ, বন বিভাগৰ অভিযানত অবৈধ কাঠৰ কুন্দা ভৰ্তি ট্ৰাক জব্দ…

March 31, 2022 0 By Biraj Kalita

ৰাজ্যত অব্যাহত আছে বন ধ্বংস যজ্ঞ

খেৰণীত অবৈধ ভাৱে কঢ়িয়াই অনা কাঠৰ কুন্দা সহ ট্ৰাক জব্দ।

বন বিভাগৰ অভিযানত পশ্চিম কাৰ্বি আংলঙত বুধবাৰে পুনৰ জব্দ হ’ল অবৈধ কাঠৰ কুন্দা ভৰ্ত্তি ট্ৰাক।

প্ৰাপ্ত তথ্য অনুসৰি , খেৰণী বনবিভাগে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অন্তৰ্গত হিজুংলাংচৌত এখন ট্ৰাক সহ বহু মূল‍্যৰ চোৰাং কাঠ জব্দ কৰে।

উল্লেখযোগ্য যে স্থানীয় ৰাইজে বহুদিনৰে পৰা কিছুমান অসাধু ব‍্যৱসায়ীয়ে চলাই থকা অবৈধ কাঠৰ এই মুকলি সৰবৰাহৰ বিষয়ে বন বিভাগত অভিযোগ কৰি আহিছিল।

এনে এক অভিযোগৰ ভিত্তিত বন বিভাগে গোপনে অভিযান চলাই কুন্দা ভৰ্তি ট্ৰাকখন জব্দ কৰে।