ৰাজ্যত অব্যাহত বন্যপ্ৰাণীৰ চােৰাং বেহা, কেঁকােসাপ জব্দ আৰক্ষীৰ

May 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ মাজেৰে বহিঃৰাজ্যলৈ অব্যাহত আছে দুষ্প্ৰাপ্য বন্য জীৱ-জন্তুৰ চােৰাং বেহা।

এই বেহা ৰােধ কৰিবলৈ বন বিভাগ, বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে আৰক্ষীয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

শেহতীয়াকৈ ৰাজ্যত বিৰাজ কৰা ক’ভিড জনিত পৰিস্থিতিৰ মাজতাে বন্ধ হােৱা নাই এই চােৰাং বেহা।

শনিবাৰে বৰপেটা আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় এটি দুষ্প্ৰাপ্য কেঁকোসাপ।

পাছত বন বিভাগৰ সহযোগত কেঁকোসাপটিক নিৰাপদে এৰি দিয়ে আৰক্ষীয়ে।

এই সন্দৰ্ভত টুইট কৰি বৰপেটা আৰক্ষীয়ে প্ৰকাশ কৰে “আমি সকলোৰে যত্ন লওঁ। এই ক্ষুদ্ৰ প্ৰাণীটোৱে (কেঁকো সাপ) বাট হেৰুৱাইছিল। ই যাতে নিৰাপদে ঘৰত উপস্থিত হয় তাৰ ব্যৱস্থা বন বিভাগৰ সহযোগত কৰি দিয়া হয়।”

আৰক্ষীৰ এই কাৰ্যক প্ৰশংসা কৰিছে প্ৰকৃতি প্ৰেমীসকলে।

লগতে চাওকঃ

চিৰিয়াখানাৰ এশিঙীয়া গঁড়ে বজালে কী-ব’র্ড, মূহুৰ্ততে ভাইৰেল হ’ল দৃশ্য