ৰাজ্যত অব্যাহত বন ধ্বংস, নিৰ্বিঘ্নে চলিছে অবৈধ কাঠফলা কল

November 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন জিলাত এতিয়াও মুকলিকৈ অব্যাহত আছে বন ধ্বংস কাৰ্য।

বিশেষকৈ নামনি অসমৰ কামৰূপ আৰু গােৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তত নিৰ্বিঘ্নে চলিছে চােৰাং কাঠৰ ৰমৰমীয়া বেহা।

বন বিভাগে চোৰাং কাঠ ব্যৱসায়ী আৰু কাঠ ফলা মিলৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলাই আহিছে যদিও একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে বন বিভাগৰ চকুত ধূলি দি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে। ধ্বংস কৰি গৈছে এখনৰ পিছত সিখন বনাঞ্চল। কিন্তু তাৰ পিছতো নিৰৱ বন বিভাগ।

এনে ঘটনা সংঘটিত হৈছে কৃষ্ণাইৰ মধ্যাঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত।

অঞ্চলটোত গঢ় লৈ উঠা অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলে, কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে বন বিভাগৰ চকুত ধূলি দি বন বিষয়াক মেনেজ কৰি পুনৰ চােৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে।

ঠায়ে-ঠায়ে মুকলিকৈ চলি থকা কাঠফলা কলৰ দৃশ্যই যেন তাকেই সূচাইছে।

সচেতন মহলে বন ধ্বংসকাৰীসকলৰ বিৰুদ্ধে কঠােৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল