ৰাজ্যত এতিয়াও বাধাহীনভাৱে চলিছে বন ধ্বংস

November 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত এতিয়াও বাধাহীনভাৱে চলিছে বনজ সম্পদৰ ধ্বংসযজ্ঞ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত মুকলিভাৱে চলি থকা অবৈধ কাঠ ফলা মিলসমূহৰ দৃশ্যই যেন তাকেই প্ৰমাণ কৰে।

উল্লেখ্য যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত অবৈধ কাঠ ফলা মলি চলাই আছে বন ধ্বংসকাৰী একাংশ দুষ্ট চক্ৰই।

জানিব পৰা মতে, জিলাখনৰ দক্ষিণ শালমাৰা মানকাচৰ, ঠেলামাৰী অঞ্চল, কাণকাটা, পুঠিমাৰী, শান্তিপুৰ আদি বিভিন্ন ঠাইত অবৈধ কাঠফলা মিল চলি আছে।

অৱশ্যে এই ক্ষেত্ৰত বন বিভাগৰ বৰমূৰীয়াসকলে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষণীয়।