ৰাজ্যত ক’ভিডক লৈ নতুন নিৰ্দেশনাঃ গুৱাহাটীৰ লগতে আঠখন জিলাত সান্ধ্য আইনৰ শিথিলতা…
June 15, 2021ৰাজ্যত ঘোষণা কৰা হ’ল নতুন SOP।
ক’ভিডক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন নিৰ্দেশনা প্ৰকাশ।
যৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হাফলঙত সংবাদ মেলৰ জড়িয়তে ঘোষণা কৰিছে এই নতুন নিৰ্দেশনা।
গুৱাহাটীৰ লগতে আঠখন জিলাত কিছু শিথিল হ’ল সান্ধ্য আইন।
১৬ জুনৰ পৰা গুৱাহাটীত ১ বজাৰ পৰিৱৰ্তে ২ বজাৰ পৰা পুৱা ৫ বজালৈ প্ৰযোজ্য হ’ব সান্ধ্য আইন।
আনহাতে শালমাৰা, মাজুলী, চিৰাং, বঙাইগাঁও, ওদালগুৰি, ডিমা হাচাও, কাৰ্বি আংলং আৰু চৰাইদেউ জিলাত সান্ধ্য আইন প্ৰযোজ্য হ’ব বিয়লি ৫ বজাৰ পৰা পুৱা পাঁচ বজালৈ।
এই আঠখন জিলাত দোকান-পোহাৰ, কাৰ্যালয়, ধাবা-ৰেস্তোৰা আদি বিয়লি ৪ বজালৈ খোলা থাকিব।
আনহাতে বাকী ২৪ খন জিলাত দিনৰ ১ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন।
নগৰ অঞ্চলত ৫ শতাংশ আৰু গাঁৱত ১০ শতাংশ সংক্ৰমণ হ’লে হ’ব কণ্টেইনমেণ্ট জ’ন।
আনহাতে নগাঁও, শোণিতপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু কাছাৰ জিলাত যদিহে ২১ জুনলৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত নাহে তেন্তে এই পাঁচখন জিলাত ২২ জুনৰ পৰা কঠোৰ নিৰ্দেশনা বলৱৎ হোৱাৰ ইংগিত।