ৰাজ্যত কৰ’ণাৰ সংহাৰী ৰূপ, গুৰুত্বপূৰ্ণ বৈঠকত মিলিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল!

April 12, 2021 0 By Biraj Kalita

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’ণাৰ দ্বিতীয় ঢৌৱে।

ইতিমধ্যে সাধাৰণ জনতাক সজাগ কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে কেতবোৰ সজাগতামূলক ব্যৱস্থা।

দেওবাৰে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত দ্বিতীয় পৰ্যায়ত কভিডে সৃষ্টি কৰা পৰিস্থিতি বিতংভাৱে আলোচনা কৰে।

বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে জনসাধাৰণৰক ক’ভিড সন্দৰ্ভত সজাগ সচেতন কৰাৰ ক্ষেত্ৰত প্ৰশাসনক পদক্ষেপ লবলৈ আহ্বান জনোৱাৰ লগতে কভিড ভেকচিন সন্দৰ্ভতো সজাগতা সৃষ্টি কৰাৰ বাবে আহ্বান জনায়।

আনহাতে ১১ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ অনুষ্ঠিত হ’ব হোৱা টীকী উৎসৱত চিকিৎসক সকলক অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।