ৰাজ্যত কৰ’ণাৰ সন্ত্ৰাস, অসম জাতীয় বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

April 17, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় বিদ্যালয়ে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

প্রাথমিক পৰ্যায়ত পাঠদান বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম জাতীয় বিদ্যালয়ে।

অংকুৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান বন্ধৰ সিদ্ধান্ত।

২০ এপ্রিলৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত।

বন্ধ দীঘলীয়া হ’লে অনলাইনযোগে হ’ব পাঠদান।

ইপিনে ষষ্ঠ-দশম শ্রেণীলৈ ৫০% শিক্ষাৰ্থীৰে হ’ব পাঠদান।

ইয়াৰ লগতে শিক্ষাৰ্থীয়ে ঘৰৰ পৰা লৈ আনিব লাগিব ছেনিটাইজাৰৰ আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক।