ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক, এইখন জিলাত ৬ গৰাকী লোক আক্ৰান্ত…
July 25, 2021কৰ’ণাৰ ভয়াৱহতাৰ মাজতে এইবাৰ ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক।
বিশ্বনাথ জিলাত জাপানীজ এনকেফেলাইটিছে লৈছে ভয়ংকৰ ৰূপ।
শিশু, মহিলাসহ বিশ্বনাথত আক্ৰান্ত হৈছে ৬ গৰাকী লোক।
এই ছয় গৰাকীৰ ভিতৰৰ গহপুৰ মহকুমাৰ তিনিজন। ইয়াৰে দুজন শিশু।
তেওঁলোক হ’ল গহপুৰ ককিলা ৰক্তিম বৰা (৭), ৰজাবাৰী ২ নং চকলাৰ সাগৰ পেগু (৭)।
আনহাতে ৰাজগড়ৰ লীলাৱতী নাৰ্জাৰী নামৰ ৫৫ বছৰীয়া মহিলা এগৰাকীও আক্ৰান্ত হৈছে।
বৰ্তমান আটাইকইগৰাকী তেজপুৰ আৰু গুৱাহাটীত চিকিৎসাধীন হৈ আছে।