ৰাজ্যত পুনৰ মৰেল পুলিচৰ ঘটনা! শোৱাপাটিৰ পৰা উঠাই নি দুই শিশুক নিৰ্মম অত্যাচাৰ…

June 2, 2021 0 By Biraj Kalita

ৰাজ্যত পুনৰ মৰেল পুলিচৰ ৰোষত দুগৰাকীকৈ শিশু৷

মুৰ্গী চুৰিৰ অভিযোগত শোৱাপাটিৰ পৰা উঠাই নি লাইটপোষ্টত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে শিশু দুটিক৷

একাংশ উদণ্ড যুৱকৰ চেকণিৰ কোৱত ইনাই বিনাই কান্দিছে শিশু দুটি৷

এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ হাতীশলা গাঁৱত৷

আনফালে একাংশ সচেতন যুৱকৰ তৎপৰতাত আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হৈছে শিশু দুটিক ৷

এজাহাৰৰ ভিত্তিত শিশু দুটি হ’ল আমিনুল হক(১২) আৰু ছহিদুল ইছলাম(১০)।

ইতিমধ্যে শিশু দুটিক লাইট পোষ্টত বান্ধি প্ৰহাৰৰ সমস্ত দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

শিশু দুটিৰ পৰিয়ালৰ লোকে ঘটনা সংক্ৰান্তত জোৰশিমুলী আৰক্ষী চকীক ৫জনকৈ লোকৰ বিৰুদ্ধে শিশু অধিকাৰ আইন উলংঘা কৰা বুলি অভিযোগ উত্থাপণ কৰি এখন এজাহাৰ দাখিল কৰিছে৷

ঘটনা সংক্ৰান্তত জোৰশিমুলী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰেই মৰেল পুলিচৰূপী অপৰাধী কেইজন আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰিছে।