ৰাজ্যত পুনৰ শিশু ধৰ্ষণ কাণ্ডঃ ৪৫ বছৰীয়া এজন নৰপিশাচৰ কামনাৰ বলি হ’ল ৯ বছৰীয়া শিশু…

June 28, 2021 0 By Biraj Kalita

ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু ধৰ্ষণ কাণ্ড।

তামুলপুৰত সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এই ঘটনা।

৪৫ বছৰীয়া ব্ৰজেন কলিতা নামৰ এজন নৰপিশাচৰ কামনাৰ বলি হ’ল এটি ৯ বছৰীয়া নাবালিকা শিশু।

স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাত হে পোহৰলৈ আহে এই সমস্ত ঘটনা।

যোৱা ২৫ জুনতেই তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ঝাৰগাঁও নিবাসী পাষণ্ডই শিশুটিক ধৰ্ষণ কৰিছিল।

শিশুটোৱে ভাতৃৰ সৈতে ঘৰৰ ওচৰতে মাছ মাৰিবলৈ যাওতে শাৰীৰিক ভাৱে অতিশয্য চলোৱা বুলি জানিব পৰা গৈছে।

দেওবাৰে হঠাৎ শিশুটি অসুস্থ হৈ পৰাত মাকক সমগ্ৰ ঘটনা বিৱৰি কোৱাতহে পোহৰলৈ আহে লোক জনৰ জঘন্য কাৰ্য্যৰ বিষয়ে।

পৰিয়ালৰ লোকে দেওবাৰে নিশাই লগে লগে তামুলপুৰ আৰক্ষী থানাত লোকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এজাহাৰৰ ভিত্তিতে নিশাই ব্ৰজেনক কলিতাক আৰক্ষীয়ে আটক কৰিছে।

পক্সো আইনৰ অধীনত ব্ৰজেন কলিতাৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হৈছে।