ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত শিশুৰ সংখ্যা, এইখন জিলত দুটি শিশুৰ মৃত্যু…
June 28, 2021ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্ত হোৱা শিশুৰ সংখ্যা।
শেহতীয়াভাৱে ৰাজ্যত কেইবাসহস্ৰাধিক শিশু ক’ভিডত আক্ৰান্ত হৈছে৷
লক্ষণীয়ভাৱে জুন মাহত ১ ৰ পৰা ১২ বছৰ বয়সৰ শিশু ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে৷
লখিমপুৰ জিলাতো ১ জুনৰ পৰা মুঠ ১৬ টি শিশু ক’ভিডত আক্ৰান্ত হৈছে।
ৰ্ভাগ্যজনকভাৱে ইয়াৰে দুটি শিশু মৃত্যুমুখত পৰিছে।
১১ জুনত দ’লহাটৰ ৰজিবুল ইছলাম নামৰ এটি দহবছৰীয়া শিশু এই ৰোগত মৃত্যু হোৱাৰ বিপৰীতে যোৱা শুকুৰবাৰে ৰহান ক্ৰিষ্টি নামৰ আন এটি চাৰিমহীয়া শিশুৰ মৃত্যু হয়৷
শিশু ক’ভিড ৰোগী এইদৰে বৃদ্ধি পোৱা বিষয়টোক লৈ এতিয়া চিন্তিত হৈ পৰিছে লখিমপুৰ স্বাস্থ্য বিভাগ।
শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড আক্ৰান্ত শিশুক চিকিৎসালয়ত ৰখাৰ ব্যৱস্থা কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে।
উল্লেখ্য যে, লখিমপুৰৰ লগতে ইতিমধ্যে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, নগাঁও, তেজপুৰ আদি স্থানত কেইবাশতাধিক ক’ভিড আক্ৰান্ত শিশু চিনাক্ত হৈছে৷