ৰাজ্যত বিলাতী সুৰাৰ মূল্য ১৫% বৃদ্ধি…

December 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম চৰকাৰে ভাৰতত নিৰ্মিত বিলাতী সুৰাৰ মূল্য ১৫ শতাংশ বৃদ্ধি কৰিছে।

ৰাজ্যৰ আবকাৰী বিভাগে এই সংক্ৰান্তত যোৱা ৪ ডিচেম্বৰত ৰাজপত্ৰিত অধিসূচনা জাৰি কৰে।

আবকাৰী বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদ স্বাক্ষৰিত অধিসূচনা অনুসৰি ভাৰতত নিৰ্মিত বীয়েৰ, ৰাম, হুইস্কিসহ সকলো ব্ৰেণ্ডৰ সুৰাৰ মূল্যবৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে সুৰা বিক্ৰীৰ জৰিয়তে পোৱা বৃহৎ অংকৰ ৰাজহৰ ওপৰতেই সম্প্ৰতি ৰাজ্য চৰকাৰ নিৰ্ভৰশীল হৈ পৰিছে।

আনকি ক’ভিডৰ জটিল পৰিস্থিতিৰ সময়তাে মহানগৰীত সুৰাৰ হােম ডেলিভাৰীৰ বাবেও চৰকাৰে পদক্ষেপ হাতত লৈছিল।