ৰাজ্যত মৃত্যুৰ কিৰিলি, মঙলবাৰে কৰ’ণাই প্ৰাণ ল’লে ৪১জন লোকৰ…

May 4, 2021 0 By Biraj Kalita

ৰাজ্যত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনক ভাৱে বৃদ্ধি হৈ আছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

মঙলবাৰে ৰাজ্যত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হয় ৪১ জন লোকৰ।

আনহাতে ৰাজ্যত ৪৪৭৫জন লোকৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ।

ইয়াৰে ভিতৰত কামৰূপ মেট্ৰ’ৰ ১৪১৭জন কৰ’ণাত আক্ৰান্ত হৈছে।