ৰাজ্যত PDS ৰ ঘেঁহুৰ বৃহৎ ক’লা বজাৰ! জব্দ দুখন ট্ৰাক

October 23, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল, কেৰাচিনৰ সমানে দৰিদ্ৰ লােকৰ বাবে আবন্টিত ঘেঁহুক লৈও ৰাজ্যজুৰি গঢ়ি উঠিছে বৃহৎ ক’লা বজাৰ।

শেহতীয়াকৈ অসম আৰক্ষীৰ অভিযানত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ঘেঁহু কঢ়িওৱা দুখনকৈ ট্ৰাক জব্দ হােৱা ঘটনাই যেন তাৰেই ইংগিত বহন কৰিছে।

জানিব পৰা মতে, কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমামূৰীয়া ফ্লৰিকান গাৰ্ডেনৰ সমীপত কোকৰাঝাৰৰ আৰক্ষী অভিযান চলাই দুখন ট্ৰাকত প্ৰায় ৩০ টন পি ডি এছৰ ঘেঁহু জব্দ কৰে।

কোকৰাঝাৰ জিলাৰ সীমাত কোকৰাঝাৰ আৰক্ষীৰ দলে ধুবুৰীৰ পৰা বৰপেটা জিলালৈ দুখন ট্ৰাকত চোৰাংভাৱে পি ডি এছৰ ঘেঁহু কঢ়িওৱাৰ এক গোপন তথ্য লাভ কৰিছিল।

আৰক্ষীৰ দলে খাপ পিটি থাকোঁতে অভিযানকালত সন্ধিয়া প্ৰায় ৭-৩০ বজাত এ এছ ১৭ বি ৮-৩৭ আৰু এ এছ ১৭ চি ৩৫৩৯ নম্বৰৰ দুখন ট্ৰাকত সন্দেহবশতঃ তালাচী চলায়।

পাছত ট্ৰাক দুখনত পি ডি এছৰ ৩০ টনৰো অধিক ঘেঁহু চোৰাংভাৱে বৰপেটালৈ চালান দিবলৈ নিয়াৰ পথতে জব্দ কৰে।

সম্প্ৰতি বিষয়টোক লৈ তদন্ত অব্যাহত ৰখা বুলি আৰক্ষীৰ শীৰ্ষ সূত্ৰই সদৰী কৰাৰ লগতে পি ডি এছ ঘেঁহু চোৰাংভাৱে সৰবৰাহ কৰা কাৰ্যত এটা বৃহৎ চক্ৰ জড়িত থকা বুলি জানিবলৈ দিয়ে।

চক্ৰটোৰ বিৰুদ্ধে সদৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।