ৰাজ্যবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনীতিবিদক হেৰুৱালেঃ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যুত গভীৰ শোক মুখ্যমন্ত্ৰীৰ…

May 26, 2021 0 By Biraj Kalita

গোসাইগাঁও সমষ্টিৰ বি পি এফ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ আকস্মিক মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাই।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু ঘটা নাৰ্জাৰীৰ অকাল বিয়োগত মৰ্মাহত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‍‘অসমবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনীতিবিদক হেৰুৱালো। মই প্ৰয়াত নাৰ্জাৰীৰ বিদেহ আত্মাৰ সদগতি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালো’।’

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জি এম চি এইচ্চত চিকিৎসাধীন হৈ থকা বিধায়ক নাৰ্জাৰীৰ মঙলবাৰে ক’ভিড টেষ্ট নিগেটিভ আহিছিল যদিও ব্ৰেইন ষ্ট্ৰোক হোৱাৰ বাবেই সংকটজনক হৈ পৰিছিল তেওঁ স্বাস্থ্য আৰু অৱশেষত আজি পুৱা তেওঁৰ মৃত্যু ঘটো।