ৰাজ্যবাসীৰ বাবে দুখবৰ, দৰদী কণ্ঠশিল্পী ভিতালী দাস আৰু নাই…

April 21, 2021 0 By Biraj Kalita

ৰাজ্যবাসীৰ বাবে দুখবৰ!

দৰদী কণ্ঠশিল্পী ভিতালী দাস আৰু নাই।

কৰ’ণাত আক্ৰান্ত হৈ অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে।

সন্ধিয়া ৭.০৫ বজাত সেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে।

কৰ’ণাত আক্ৰান্ত হৈ কালাপাহাৰ ক’ভিড হস্পাতালৰ ICU ত চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পী গৰাকী।

আজি মেকানিকেল ভেন্টিলেচনত আছিল ভিতালী দাস।

যোৱা ১৪ এপ্ৰিলত গীত পৰিবেশন কৰিছিল কন্ঠশিল্পীগৰাকীয়ে।

তাৰপাছতে জ্বৰ হোৱাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লৈছিল তেওঁ।

উল্লেখ্য যে, বিয়লিৰ সময়ত কণ্ঠশিল্পী গৰাকীৰ মৃত্যুৰ সন্দৰ্ভত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হৈছিল।

অৱশেষত ভিতালী দাসৰ মৃত্যুৰ আনুষ্ঠানিক ঘোষণা কৰা হয়।