ৰাজ্যিক কংগ্ৰেছ সভাপতিৰ পদত্যাগঃ ৮ বিধায়কসহ বিজেপিত যোগদানৰ সম্ভাৱনা…
July 20, 2021কংগ্ৰেছত জোকাৰণি!
মণিপুৰ কংগ্ৰেছতব ব্যাপক খহনীয়া।
মঙলবাৰে ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছ সমিতিৰ অধ্যক্ষ গোবিনদাস কনথৌযামে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে।
গোবিনদাস কনথৌযামে মণিপুৰৰ বিষ্ণুপুৰ বিধানসভা সমষ্টিৰ পৰা ৬ বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল।
জানিব পৰা মতে ৮ বিধায়কসহ বিজেপিত যোগদানৰ সম্ভাৱনা আছে গোবিনদাস কনথৌযামে।
পূৰ্বে মণিপুৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা গোবিনদাসক বিগত বৰ্ষৰ ডিচেম্বৰত কংগ্ৰেছ নেতৃ ছোনিয়া গান্ধীয়ে ৰাজ্যখনৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰিছিল।
উল্লেখ্য যে, মণিপুৰত অহা বছৰৰ আৰম্ভণিত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ২০১৭ চনত শাসনত আহিছিল বিজেপি।