ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকঃ টেট উত্তীৰ্ণৰ প্ৰমান পত্ৰ বৈধতাৰ সময়সীমা বৃদ্ধি…

July 7, 2021 0 By Biraj Kalita

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক।

বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

এতিয়াৰে পৰা সকলো চৰকাৰী কাৰ্যসূচী আৰম্ভ হ’ব জাতীয় সংগীতেৰে।

আনহাতে ৰাষ্ট্রীয় সংগীতেৰে সমাপ্ত কৰা হ’ব সকলো চৰকাৰী কাৰ্যসূচী।

চৰকাৰী অনুষ্ঠানত ব্যৱহাৰ হ’ব থলুৱা লাড়ু-পিঠা আৰু হাতে বোৱা গামোচা।

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিনটোক ‘কৰ্মচাৰী দিন’ হিচাপে পালন কৰা হ’ব।

‘কৰ্মচাৰী দিন’ত প্রতিখন জিলাৰ ৫জন কৰ্মচাৰীক সন্মানিত কৰা হ’ব।

আনহাতে ৰাজ্যিক ভিত্তিত ১০ গৰাকী কৰ্মচাৰীক সন্মানিত কৰা হ’ব।

আনহাতে টেট উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেবিনেট বৈঠকে।

টেট উত্তীৰ্ণৰ প্রমাণপত্র বৈধতা ৭ বছৰৰ পৰিবৰ্তে জীৱনজোৰা কৰা হৈছে।

অৱশ্যে টেট উত্তীৰ্ণৰ প্রমাণপত্রৰ বৈধতা জীৱনজোৰা থাকিলেও চাকৰিৰ ঊৰ্ধ্ব সীমা প্রযোজ্য হ’ব।

জুলাই মাহলৈকে ৰাজ্যৰ কৰ্মচাৰীয়ে বিদ্যুৎ বিল পৰিশোধ কৰি NOC দিব লাগিব অন্যথা দৰমহা কৰ্তন কৰা হ’ব।

অৱশ্যে আগষ্ট মাহৰ পৰা দৰমহা প্ৰাপ্তিৰ বাবে কৰ্মচাৰীৰ NOC প্রয়োজন হ’ব।