ৰাজ্যৰ এগৰাকী পদ্মশ্ৰী বঁটা প্ৰাপকৰ বিৰুদ্ধে তোলনীয়া কন্যাক ধৰ্ষণৰ অভিযোগ…

January 5, 2022 0 By NEWS DESK

ৰাজ্যৰ এগৰাকী পদ্মশ্ৰী বঁটা প্ৰাপকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ।

লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে কিশোৰীক ধৰ্ষণৰ গোচৰ।

ইতিমধ্যে অসম আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ POCSO আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ।

এজাহাৰত উল্লেখ কৰা অনুসৰি ভুক্তভোগীয়ে অভিযোগ কৰিছিল যে তেওঁৰ পালক পিতৃয়ে তেওঁক এবছৰ ধৰি যৌন নিৰ্যাতন চলাইছিল।

ব্যক্তিজনে শিশু কল্যাণ সমিতিৰ পৰা এবছৰৰ বাবে তোলনীয়া হিচাপে লৈছিল কিশোৰীগৰাকীক।

বিগত এবছৰ ধৰি এই যৌন নিৰ্যাতনৰ ঘটনা চলিছিল বুলি প্ৰকাশ কৰিছে কিশোৰীগৰাকীয়ে। 

চিকিৎসকৰ প্ৰতিবেদনতো স্পষ্ট হৈছিল যৌন নিৰ্যাতনৰ ঘটনা।

১৭ ডিচেম্বৰতে লোকজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

আনহাতে ২৮ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়লয়ত অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

ন্যায়ালয়ে ৭ জানুৱাৰীত গোচৰৰ কেছ ডায়েৰী তলব কৰিছে।

জানিব পৰা মতে বৰ্তমান ভুক্তভোগী নাবালিকা ছোৱালীগৰাকীক বিশেষ আৰক্ষী সুৰক্ষাৰ অধীনত এটা শিশু গৃহত ৰখা হৈছে।