ৰাজ্যৰ প্ৰবীণ সাংবাদিক শিৱচৰণ কলিতাৰ দেহাৱসান

May 14, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দক্ষিণ কামৰূপৰ সংবাদ জগতৰ পিতামহ স্বৰূপ বিশিষ্ট নিবন্ধকাৰ, কবি শিৱচৰণ কলিতাৰ দেহাৱসান।

তেওঁ মৃত্যুৰ বাতৰিয়ে আত্মীয়-স্বজনৰ উপৰিও মৰ্মাহত কৰি তুলিছে ৰাজ্যৰ সংবাদ মহলক।

জানিব পৰা মতে, তেওঁ গুৰুতৰ শাৰীৰিক অসুস্থতাত ভুগি গুৱাহাটীৰ গে’ট হাস্পতালত চিকিৎসাধীন হৈ আছিল।

ইয়াৰ পাছতে চিকিৎসালয়ত পৰীক্ষাত তেওঁ ক’ভিড পজিটিভ হিচাপে চিনাক্তি হৈছিল।

শুকুৰবাৰে পুৱা ৭.৪০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।

তেওঁ পত্নী এজন ল’ৰা আৰু এজনী ছোৱালী সহ অসংখ্য আত্মীয় আৰু শুভাকাঙ্খীক এৰি থৈ গৈছে ।

তেঁওৰ মৃত্যুত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে গভীৰ শােক প্ৰকাশ কৰিছে।

উল্লেখ্য যে সাংবাদিকতা, সাহিত্যৰ উপৰি তেওঁ দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন সামাজিক সংগঠনৰ সৈতে জড়িত হৈ আছিল।

তেওঁৰ সান্নিধ্য লাভ কৰি বহু উদীয়মান সাংবাদিক-সাহিত্যিকেও নিজ-নিজ কৰ্মক্ষেত্ৰত আগুৱাই গৈছিল।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱচৰণ কলিতাৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।

লগতে চাওকঃ

উদ্বেগজনক! ৰাজ্যজুৰি এদিনতে ক’ভিডে প্ৰাণ ল’লে ৭৫ জনৰ