ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ বৈঠক…

July 5, 2021 0 By Biraj Kalita

ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক।

সোমবাৰে ৰাজ্যৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বৈঠকত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ কৰ্মস্থলীৰ সালসলনি, থানাসমূহৰ পৰিচালনাৰ বাবে পুঁজি প্ৰদান আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰি আৰক্ষী সেৱাৰ মান অধিক উন্নত কৰাৰ পোষকতা কৰে।

গুৰুত্বপূৰ্ণ ঘোষণা সমূহৰ ভিতৰত

দুবছৰ অন্তৰালত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ কৰ্মস্থলীৰ সালসলনি কৰাৰ ঘোষণা।

প্ৰতিখন থানাৰ বাবে এখনকৈ গাড়ী প্ৰদান।

চৰ অঞ্চল তথা গাড়ী চলাচলত অসুবিধা থকা অঞ্চলৰ থানাৰ বাবে মটৰচাইকেল প্ৰদানৰ ঘোষণা।

থানা পৰিচালনাৰ বাবে বছৰি ২.৫ লাখ টকা প্ৰদানৰ ঘোষণা।

প্ৰতিখন থানালৈ প্ৰদান কৰা হ’ব ৩টা কম্পিউটাৰ, ১ টা জেনেৰেটৰ।

অতিৰিক্ত ভূমি থকা থানা চৌহদত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ৩ জন উপ-আৰক্ষী বিষয়াৰ বাবে আৱাস নিৰ্মাণ।

দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত ২৪ ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাগ্ৰস্তৰ ঘৰলৈ গৈ ৰিপ’ৰ্ট প্ৰদানৰ ঘোষণা।

পোষ্ট মৰ্টেমৰ ৰিপ’ৰ্ট ১৫ দিনৰ ভিতৰত প্ৰদান।

ছমাহৰ ভিতৰত অমীমাংসিত গোচৰসমূহৰ চাৰ্জশ্বীট দাখিল, চাকৰি, পাছপ’ৰ্ট আদিৰ বাবে আৰক্ষীৰ প্ৰামাণিকৰণ ৭ দিনৰ ভিতৰত সম্পূৰ্ণ কৰাৰো নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।