ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে ৩৭৫ কোটি টকাত ক্ৰয় কৰিলৈ দুটা কাগজ কলঃ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

March 23, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে ক্ৰয় কৰিলে জাগীৰোড আৰু কাছাৰ কাগজ কল।

বূুধবাৰে অনুষ্ঠিত চৰকাৰৰ কেবিনেট বৈঠকত ৩৭৫ কোটি টকাত বন্ধ হৈ থকা কাগজ কল দুটা ক্ৰয়ৰ বাবে উদ্যোগ বিভাগক অনুমোদন জনায় চৰকাৰে। বৈঠকত অন্তত সংবাদ মেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই।

UB Photos

সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, অহা ৩-৪ মাহৰ ভিতৰত দুয়োটা কাগজ কলৰ কৰ্মচাৰীসকল বকেয়া দৰমহা আদায় দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এতিয়াৰে পৰা দুয়োটা কাগজ কলৰ সম্পূৰ্ণ মালিকীস্বত্ব লাভ কৰা উদ্যোগ বিভাগে আগন্তুক সময়ত কাগজ কলৰ ভূমি অন্য কামত ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই।

আনহাতে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কাজিৰঙাক ৰক্ষাৰ বাবেও বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। কাজিৰঙাৰ ১০ কিলোমিটাৰ আঁতৰে আঁতৰে ইক’ ছেন্সিটিভ জ’ন ঘোষণা কৰা হৈছে। এই বৈঠকতে ইক’ ছেন্সিটিভ জ’নৰ অন্তৰ্গত ৭ টা সুৰক্ষিত স্থান ঘোষণা কৰা হৈছে।

মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মেলত স্পষ্ট কৰি দি কয় যে এই ইক’ ছেন্সিটিভ জ’নত কোনেও নিৰ্মাণ কাৰ্য চলাব নোৱাৰিব। তদুপৰি কাজিৰঙাৰ মুঠ ১১ টা অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯টা অঞ্চলক এনিমেল ক’ৰিডৰ ৰূপে চিনাক্ত কৰা হৈছে।