ৰাজ্য চৰকাৰৰ নতুন SOP: ১বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন…
June 4, 2021কৰ’ণাকেন্দ্ৰীক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ জাৰি কৰিলে নতুন নিৰ্দেশনা।
৬ জুনৰ পুৱাৰ পৰা ১৬ জুনৰ পুৱা ৫ বজালৈ নতুন নীতি নিৰ্দেশনা জাৰি।
দুপৰীয়া ১২বজাত বন্ধ কৰিব লাগিব সকলো দোকান-পোহাৰ।
পূৰ্বতে এই সময়সীমা আছিল পুৱা ১১ বজা।
দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ ব্যক্তিৰ চলাচল ৰাজ্যজুৰি বন্ধ থাকিব।
ইফালে ১বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন।
পূৰ্বতে এই সময়সীমা আছিল দুপৰীয়া ১২বজাৰ পৰা।
বন্ধ থাকিব আন্ত: জিলা যাতায়ত।
হোম ডেলিভাৰী দুপৰীয়া ১ বজালৈ চলিব পাৰিব।
চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় ১৫ জুনলেৈ বন্ধ থাকিব।