ৰাজ্য চৰকাৰৰ সিদ্ধান্তঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ’ব চেনিটেৰী নেপকিন…

June 1, 2021 0 By NEWS DESK

ৰাজ্য চৰকাৰৰ অভিনৱ সিদ্ধান্ত।

অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ’ব চেনিটেৰী নেপকিন।

বানৰ সময়ত বান সাহায্যত মহিলাৰ বাবে উপলদ্ধ হ’ব চেনিটেৰী নেপকিন।

এই সন্দৰ্ভত প্ৰতিখন জিলালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৰাজহ বিভাগে ৷

উল্লেখ্য যে, তেজপুৰৰ ময়ুৰী ভট্টাচাৰ্য নামৰ এইগৰাকী যুৱতীৰ আশাসুধীয়া প্ৰচেষ্টাই সফলতা লাভ কৰিলে৷ বৰ্তমান চাকৰী সুত্ৰে পশ্চিমবঙ্গত থকা ময়ুৰীয়ে দুবছৰ পূৰ্বে চেনিটেৰী নেপকিন অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত অন্তৰ্ভূক্ত হ’ব লাগে বুলি এক আন্দোলন গঢ়ি তুলিছিল।

ময়ুৰীৰ ‘ডিগনিটী ইন ফ্লাড’ শীৰ্ষক এক আৱেদনৰ ভিত্তিতে ASDMAই ইতিমধ্যে লৈছে চেনিটেৰী নেপকীনক অত্যাৱশ্যকীয় সাহাৰ্য সামগ্ৰী কৰাৰ সিদ্ধান্ত ৷

ASDMA ৰ সিদ্ধান্তক সমৰ্থন স্বাস্থ্য বিভাগ আৰু সমাজ কল্যাণ বিভাগ আৰু NHMৰো।

বনাক্ৰান্তৰ বাবে স্থাপন কৰা শিৱিৰত মহিলা সকলে পাব এই সুবিধা৷ চলিত বৰ্ষৰ বাবে নিবিদা আহ্বানো কৰিছে ASDMAই৷

২৫মে’ত ওলোৱা নিৰ্দেশনাত চেনিটেৰী নেপকিনৰ লগতে শিশু খাদ্যকো তালিকাভুক্ত কৰা হৈছে অত্যাৱশ্যকীয় সাহাৰ্য সামগ্ৰীত।