ৰাভা জাতিৰ সংবিধান প্ৰদত্ত প্ৰাপ্য আদায়ৰ দাবীৰে অব্যাহত থাকিব গণ সংগ্ৰামঃ প্ৰদীপ ৰাভা

February 22, 2022 0 By NEWS DESK

নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক-সভানেত্ৰীসহ বিষয়ববীয়াক সম্বৰ্ধনা

নিউজ ডেস্ক। ”ভাৰতৰ সংবিধানে প্ৰদান কৰা অধিকাৰসমূহ আদায়ৰ দাবীৰে অব্যাহত থাকিব ৰাভা জাতিৰ গণ-সংগ্ৰাম। ৰাভা জাতিৰ সৰ্বাংগীণ উন্নয়নৰ বাবে দৃঢ় প্ৰতিজ্ঞ নিখিল ৰাভা ছাত্ৰ সন্থা।”

-এই মন্তব্য নিখিল ৰাভা ছাত্ৰ সন্থা চমুকে আৰছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাৰ।

তেঁও লগতে কয় যে নিখিল ৰাভা ছাত্ৰ সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখনে প্ৰথম পদক্ষেপ হিচাপে ৰাভা শিক্ষাৰ্থীসকলৰ শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত দূৰদৰ্শিতাপূৰ্ণ পদক্ষেপ ল’ব।

তেওঁ কয় যে ৰাভা জাতিটো ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক দিশত যথেষ্ট পিছপৰা। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচি দাবী সমিতি, ৰাভা সাহিত্য সভা, ৰাভা কৃষ্টি সন্মিলন আৰু এন চি, নিখিল ৰাভা জাতীয় পৰিষদৰ জৰিয়তে ৰাভা জাতিটোৰ আধৰুৱা জ্বলন্ত সমস্যাসমূহ একত্রিতভাৱে এটা শক্তিশালী সমন্বয় গঢ়ি সমাধান কৰাৰ চেষ্টা কৰিম।

সংবিধানৰ ষষ্ঠ অনুসূচী ৰাভা জাতিৰ অধিকাৰ বুলি মন্তব্য কৰি ৰাইজৰ দিহা-পৰামৰ্শৰ মাজেৰে এই প্ৰাপ্য আদায়ৰ দাবীৰে অনাগত দিনবােৰত সংগ্ৰাম অব্যাহত ৰাখিব বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে ওদালগুৰি জিলাৰ ভেৰগাঁৱত সদ্যসমাপ্ত নিখিল ৰাভা ছাত্ৰ সন্থা ১৮ সংখ্যক আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ১১ সংখ্যক বাৰ্ষিক অধিৱেশনত নিৰ্বাচিত বিষয়ববীয়াসকলক সম্বৰ্ধনা জনােৱাৰ উদ্দেশ্যে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যােগ মংগলবাৰে কামৰূপ জিলাৰ বকােত আয়ােজন কৰা সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য কৰে ৰাভা সংগ্ৰামী সংগঠনৰ নেতাগৰাকীয়ে।

উল্লেখ্য যে বকাে স্থিত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত নিখিল ৰাভা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ নৱ নিৰ্বাচিত সভানেত্ৰী ললিতা ৰাভাক সম্বৰ্ধনা জ্ঞাপন কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে।

কামৰূপ জিলা আৰছুৰ সভাপতি অজিত ৰাভাৰ সভাপতিত্বৰ অনুষ্ঠিত এই সম্বৰ্ধনা সভাত সদ্য সমাপ্ত অধিৱেশনত নিৰ্বাচিত আৰছুৰ আলােচনী সম্পাদক দেৱজিৎ নাফা, সহঃ বিত্ত সম্পাদক ফুলেশ্বৰ ৰাভা, কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ ৰাভাৰ লগতে নিখিল ৰাভা মহিলা পৰিষদৰ প্ৰতিজন নৱ নিযুক্ত কাৰ্যনিৰ্বাহক সদস্য-সদস্যাসকলক সম্বৰ্ধনা জনােৱা হয়।

কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নমল ৰাভাই আঁত ধৰা সভাখনত নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি নৰেন ৰাভা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সম্পাদিকা সুজিতা ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, সম্পাদক পূৰ্ণকান্ত ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিৰ পৰা প্ৰতিজন নৱ নিৰ্বাচিত বিষয়ববীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সভাত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি আনন্দ ৰাভা, সহকাৰী সম্পাদকদ্বয় জিতুল ৰাভা, উৎপল ৰাভা, বিত্ত সম্পাদক অংকুৰ ৰাভা, সাংগঠনিক সম্পাদক দ্বিপেন কুমাৰ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ উপদেষ্টা চুবিলা ৰাভা, সভানেত্রী ললিতা ৰাভা, উপ-সভানেত্রী বিচিত্ৰা ৰাভা, সহকাৰী সাধাৰণ সম্পাদিকা জোনালী ৰাভা, সাংগঠনিক সম্পাদিকা কাঞ্চন ৰাভা, কাৰ্যকৰী সদস্যাদ্বয় তিলোত্তমা ৰাভা, জুনুমণি ৰাভাও সভাত উপস্থিত থাকে।

লগতে চাওকঃ

নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন সম্পন্ন, নতুন সমিতি গঠন