ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত অসম আৰক্ষীৰ জোৱানৰ মৃত্যু

November 20, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীদিহিঙীয়াত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন অসম আৰক্ষীৰ জোৱান।

উল্লেখ্য যে পুৱা প্ৰাতঃভ্ৰমণলৈ অহা কিছু লোকে ৰাষ্ট্ৰীয় ঘাইপথটোত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

ইফালে, ঘটনাস্থলীত ততাতৈয়াকৈ কমাৰগাঁও আৰক্ষী উপস্থিত হৈ বাহনৰ খুন্দাত ক্ষতবিক্ষত হৈ থকা মৃতদেহটো প্ৰত্যক্ষ কৰি মৃতদেহটোৰ পকেটৰ পৰা পোৱা আই কাৰ্ড অনুসৰি মৃতদেহটো খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত কচুপথাৰ গাঁৱৰ অসম আৰক্ষীৰ ১১নং বেটেলিয়নৰ জোৱান মৃগেন তামুলী বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

আনহাতে দুৰ্ঘটনাটোৰ পৰা প্ৰায় ১০০ মিটাৰ আঁতৰত কমাৰগাঁও ধাবাৰ সন্মুখত আৰক্ষী জোৱানগৰাকীৰ এএছ ০৫ কিউ৫৮৯৮ নম্বৰৰ পালচাৰ মটৰ চাইকেলখন পথৰ কাষত ৰখাই থোৱা অৱস্থাতে উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

ইতিমধ্যে, কমাৰগাঁও আৰক্ষীৰ তদাৰককাৰী দলে সমগ্ৰ ঘটনাটো তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ললৈ প্ৰেৰণ কৰিছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল